Thursday, March 13, 2025

আগকথা

      বেলিটো ডুবি আহিছিল। সন্ধিয়াৰ চকামকা পোহৰত ভাৰতৰ উপকূলত তিনিখন অদ্ভুত জাহাজ উপস্থিত হৈছিল, তথাপি পাৰৰ মাছমৰীয়াসকলে ইহঁতৰ আকৃতি চিনিব পাৰিছিল। ডাঙৰ জাহাজ দুখন তিমি মাছৰ দৰে বহল পেটৰ আছিল। জাহাজকেইখনৰ দাঁতিবোৰ বাহিৰলৈ ওলাই আছিল যিবোৰে জাহাজৰ আগফালৰ আৰু পাছফালৰ শক্তিশালী কাঠৰ খুটাবোৰক সহায় কৰিবলৈ ওপৰলৈ ডাং খাই আছিল। কাঠৰ খোলাবোৰ ডাঠ ধূসৰ ৰঙৰ আছিল আৰু কাষৰ পৰা দীঘল লোহাৰ বন্দুক ওলাই আছিল, কেটফিছৰ ভয়ানক শুংকেইডালৰ দৰে। বিশাল বৰ্গাকাৰ পালবোৰ আন্ধাৰ আকাশখনৰ দিশত উৰি আছিল, প্ৰতিখন আগৰখনতকৈ ডাঙৰ আছিল আৰু একেবাৰে ওপৰত আছিল ঢাকনি আকৃতিৰ এখন পাল, যাৰ ফলত গোটেই জাহাজখনক এটা প্ৰকাণ্ড দৈত্যৰ দৰে দেখা গৈছিল। এই অচিনাকী আগমনৰ মাজত যেন আধুনিক অথচ অদ্ভুতধৰণে আদিম কিবা এটা বিয়পি আছিল, কিন্তু এইটো নিশ্চিত যে ইয়াৰ দৰে একোৱেই আগতে কাহানিও ঘটা নাছিল।

      সাগৰৰ পাৰত সংকেতধ্বনি বাজি উঠিল আৰু এদল মানুহে চাৰিখন দীঘল সৰু সৰু নাও পানীত টানি আনিলে। নাওখনৰ ওচৰ পাওঁতে তেওঁলোকে দেখিলে যে পালবোৰৰ প্ৰতিটো অংশত ডাঙৰ ডাঙৰ ৰঙা ক্ৰছ আছে।

   “আপোনালোক কোনখন দেশৰ?” একেবাৰে ওচৰৰ জাহাজখনৰ কাষত আহি ভাৰতীয় নেতাজনে চিঞৰি চিঞৰি সুধিলে।

    “আমি পৰ্তুগালৰ” এজন নাৱিকে উত্তৰ দিলে।

      দুয়োজনে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ ভাষা আৰবী ভাষাত কথা পাতিছিল। অৱশ্যে এইক্ষেত্ৰত ঘৰুৱা দলটোতকৈ আলহী দলটোৰ সুবিধা বেছি আছিল। ইউৰোপৰ সুদূৰ পশ্চিম প্ৰান্তৰ এখন সৰু দেশ পৰ্তুগালৰ কথা ভাৰতীয়সকলে কেতিয়াও শুনা নাছিল। পৰ্তুগীজসকলে নিশ্চয় ভাৰতৰ বিষয়ে জানিছিল, আৰু ইয়াত উপস্থিত হ’বলৈ তেওঁলোকে ইতিহাসে জনা আটাইতকৈ দীঘলীয়া আৰু বিপদজনক যাত্ৰাত নামি পৰিছিল।

     বছৰটো আছিল ১৪৯৮। দহ মাহৰ আগতে পৰ্তুগালৰ ৰাজধানী লিছবনৰ পৰা এই সৰু দলটোৱে পৃথিৱীখন সলনি কৰাৰ অভিযানত ৰাওনা হৈছিল। জাহাজখনত থকা ১৭০ জন লোকক ইউৰোপৰ পৰা এছিয়ালৈ যোৱা এটা সাগৰীয় পথ আৱিষ্কাৰ কৰিবলৈ, মছলা ব্যৱসায়ৰ শতিকা পুৰণি ৰহস্য উদ্ঘাটন কৰিবলৈ আৰু বহুবছৰ ধৰি হেৰাই থকা এজন ৰজা যিয়ে পূবৰ যাদুকৰী পৃথিৱীখনক শাসন কৰিছিল তেওঁক বিচাৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। অসম্ভৱপ্ৰায় এই তালিকাৰ আঁৰত এটা কূটিল উদ্দেশ্য লুকাই আছিল : পূবৰ খ্ৰীষ্টানসকলৰ সৈতে সংযোগ স্থাপন কৰা, ইছলামৰ শক্তিৰ ওপৰত এক মোক্ষম আঘাত কৰা আৰু বিশ্বৰ আটাইতকৈ পবিত্ৰ চহৰ জেৰুজালেম জয়ৰ পথ মুকলি কৰা। আনকি এইটোও চূড়ান্ত লক্ষ্য নাছিল – কিন্তু যদি তেওঁলোকে সফল হয় তেন্তে সেয়া হ’ব প্ৰলয়, দ্বিতীয় আগমনৰ (Second Coming) স্পষ্ট আহ্বান আৰু তাৰ পৰৱৰ্তী সময়ত আহিবলগীয়া শেষ বিচাৰৰ(Last Judgement) আৰম্ভণি।

    এই আকাংক্ষিত পৃথিৱীখনৰ সন্ধান শেষত গৈ মাথোঁ এখন আকাশত পতা চাং হ'বগৈ নেকি সেয়া সময়ে ক'ব। এই মুহূৰ্তত যেনে তেনে জীয়াই থকাটোৱেই সেই আলহী দলটোৰ বাবে সৰ্বোচ্চ লক্ষ্য। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা জাহাজ চলাবলৈ চুক্তি কৰি অনা এই মানুহখিনি আছিল এক অদ্ভুত ধৰণৰ। ইয়াৰ ভিতৰত আছিল দুঃসাহসিক অভিযানকাৰী, সাহসী যোদ্ধা, আফ্ৰিকান দাস, কৌতূহলী লেখক আৰু শাস্তি ভুগি থকা অপৰাধী। ইতিমধ্যে তেওঁলোক ৩১৭ দিন ধৰি অস্বস্তিকৰভাৱে একেলগে থাকিবলগীয়া হৈছিল। আটলান্টিকৰ বুকুৱেদি কৰা এই অন্তহীন যাত্ৰাত মাহৰ পিছত মাহ ধৰি তেওঁলোকে দেখিছিল কেৱল পানী আৰু পানী। অৱশেষত যেতিয়া তেওঁলোক আফ্ৰিকাৰ দক্ষিণ প্ৰান্তত উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হ’ল, মাৰপিট কৰা হ’ল আৰু ৰাতিৰ আন্ধাৰত পানীলৈ ঠেলি দিয়া হ’ল। খাদ্য-পানী শেষ হৈ পৰিছিল, অচিনাক্ত ৰোগে তাণ্ডৱ চলাইছিল। প্ৰচণ্ড সোঁত আৰু ধুমুহাৰ সৈতে যুঁজি থাকোঁতে তেওঁলোকৰ জাহাজবোৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু পালবোৰ ফাটি গৈছিল। তেওঁলোকক এই আশ্বাস দিয়া হৈছিল যে তেওঁলোকে ঈশ্বৰৰ কাম কৰি আছে আৰু বিনিময়ত তেওঁলোকে লাভ কৰিব পাপৰ পৰা মুক্তি। আনকি একেবাৰে অভিজ্ঞ নাৱিকজনকো অন্ধবিশ্বাস আৰু প্ৰলয়ৰ ভয়ে মেৰিয়াই ধৰিছিল। তেওঁলোকে বুজি উঠিছিল এটা সামান্য ফোঁহা বা এটা জোঙা শিলৰ আঁৰতেই মৃত্যু লিখা থাকিব পাৰে আৰু সেই পৰিস্থিতিত মৃত্যুও চাগে একেবাৰে নিৰ্মম শাস্তি নহয়। অচিন আকাশৰ তলত, অচিন জলৰাশিৰ বুকুত শুই থকাৰ সময়ত মানচিত্ৰ নিৰ্মাতাসকলৰ মনত জীৱন্ত হৈ পৰিছিল দাঁত থকা সাগৰীয় দানৱৰ কাহিনী, যাৰ কাষত হয়তো তেওঁলোকে হেৰুৱাব লগা হ'ব পাৰে কেৱল নিজৰ প্ৰাণ নহয়, নিজৰ আত্মাও।

     তেওঁলোকৰ ফালে চাই থকা ভাৰতীয়সকলৰ বাবে, তেওঁলোকৰ দীঘল, লেতেৰা চুলি আৰু তামবৰণীয়া শুকান মুখখনৰ সৈতে এই নতুন মানুহবোৰক দেখাত একোটা খহতা কুকুৰৰ দৰে লাগিছিল। তেওঁলোকৰ সন্দেহ অতি সোনকালেই দূৰ হ’ল যেতিয়া তেওঁলোকে গম পালে যে এই অচিনাকী মানুহখিনিক ভাল দামত তিঁয়হ আৰু নাৰিকল বিক্ৰী কৰিব পাৰে, আৰু পিছদিনা চাৰিখন নাৱে উভতি আহি দলটোক বন্দৰলৈ লৈ গ’ল।

     ই এনে এটা মুহূৰ্ত আছিল যিয়ে একেবাৰে আৱেগ অনুভূতিহীন নাৱিকজনকো বাকৰুদ্ধ কৰি তুলিছিল।

    খ্ৰীষ্টানসকলৰ বাবে প্ৰাচ্য আছিল জগতৰ উৎস। বাইবেল আছিল ইয়াৰ ইতিহাস, জেৰুজালেম আছিল স্বৰ্গ আৰু পৃথিৱীৰ মাজত ভাসমান ঈশ্বৰৰ ৰাজধানী আৰু এছিয়াৰ কোনোবা ঠাইত ফুলি উঠিছে বুলি বিশ্বাস কৰা ইডেনৰ বাগিচাখন আছিল ইয়াৰ মায়াবী গাঁথা। ইয়াৰ অট্টালিকাবোৰৰ মূধচ আছিল সোণেৰে সজোৱা। আনহাতে জুইত উশাহ লোৱা নাইপিয়া, নিজকে নিজেই দাহ কৰা ফিনিক্স আৰু নিসংগ ইউনিকৰ্ণে ইয়াৰ অৰণ্যত বিচৰণ কৰিছিল। ইয়াৰ নদীবোৰে বোৱাই আনিছিল মূল্যৱান ৰত্ন আৰু ইয়াৰ হাবিত পোৱা গৈছিল দুৰ্লভ বনৌষধি যিয়ে যিকোনো ৰোগ নিৰাময় কৰিব পাৰিছিল। ইয়াত ঘূৰি ফুৰিছিল আচৰিত ধৰণৰ মানুহ, কাৰোবাৰ মূৰটো আছিল কুকুৰৰ দৰে, কোনোবাই এখন ভৰিৰে খোজ কাঢ়িছিল আৰু কোনোবাই নিজৰ বৃহৎ ভৰিটোৰ আঁৰত ছাঁ লৈছিল। ইয়াৰ উপত্যকাবোৰত আৱৰ্জনা হৈ পৰি থাকিছিল হীৰাৰ টুকুৰা, যাক বিষাক্ত সাপে পহৰা দি ৰাখিছিল আৰু কেৱল শগুনেহে সেইবোৰ উদ্ধাৰ কৰিব পাৰিছিল। সকলোতে মাৰাত্মক বিপদ লুকাই আছিল যিয়ে এই জিলিকি থকা ঐশ্বৰ্যবোৰক দুগুণে লোভনীয় কৰি তুলিছিল।

    অন্ততঃ তেওঁলোকে তেনেদৰেই শুনি আহিছিল। যুগ যুগ ধৰি ইছলামে ইউৰোপৰ পূব দিশলৈ যোৱাৰ পথত কাৰ্যতঃ বাধা দি আহিছিল; যুগ যুগ ধৰি তথ্যৰ সলনি উৰাবাতৰি আৰু কিংবদন্তিৰ মাতাল ৰাগীত সকলো ঢাক খাই আছিল। যি সত্য আৱিষ্কাৰ কৰিবলৈ বহুজনে নিজৰ প্ৰাণ দিছিল, আজি সেই মুহূৰ্তটো তেওঁলোকৰ নিচেই কাষত। বিশ্বৰ ব্যস্ততম বাণিজ্যিক আদান প্ৰদানৰ কেন্দ্ৰবিন্দু প্ৰাচ্যৰ সম্পদৰ ভাণ্ডাৰ কালিকট নাৱিকসকলৰ চকুৰ সন্মুখত জিলিকি আছিল।

     জাহাজৰ পৰা নামিবলৈ কোনো খৰখেদা নাছিল। অপেক্ষাতকৈ আশংকাহে অধিক আছিল। শেষত জাহাজত উঠাই অনা মানুহ এজনক এই বিপদজনক কামটোৰ ভাৰ দিয়া হ’ল।

    ভাৰতত উপস্থিত হৈ ইয়াৰ পাৰত ভৰি দিয়া প্ৰথম ইউৰোপীয়জন আছিল এজন দোষী সাব্যস্ত হোৱা অপৰাধী।

   নাওত উঠি অহা মানুহখিনিয়ে তেওঁক পোনে পোনে উত্তৰ আফ্ৰিকাৰ দুজন মুছলমান ব্যৱসায়ীৰ ঘৰলৈ লৈ গ’ল, যিটো তেওঁলোকৰ চিনাকি আটাইতকৈ পশ্চিমীয়া ঠাই আছিল। এই ব্যৱসায়ীকেইজন প্ৰাচীন বন্দৰ চহৰ টিউনিছৰ পৰা আহিছিল আৰু এই অতিথিসকলক আচৰিত কৰি দিব পৰাকৈ তেওঁলোকে স্পেনিছ আৰু ইটালীয়ান দুয়োটা ভাষাতে পাৰ্গত আছিল।

    "নৰকলৈ যোৱা! তুমি ইয়ালৈ কিয় আহিছা?" এজনে স্পেনিছ ভাষাত চিঞৰিলে।

    অপৰাধীজনে নিজকে অলপ আঁতৰাই নিলে। 

   “আমি আহিছো..,” তেওঁ গহীনভাৱে উত্তৰ দিলে, "..খ্ৰীষ্টান আৰু মছলাৰ সন্ধানত।"

     আনফালে প্ৰকাণ্ড জাহাজখনত ভাস্কো দা গামাই উদ্বিগ্নভাৱে উত্তৰৰ অপেক্ষা কৰি আছিল। এই পৰ্তুগীজ সেনাপতিজনৰ উচ্চতা মধ্যমীয়া, শক্তিশালী পেশীবহুল শৰীৰ আৰু মুখখন তামৰ পাত গলাই গঢ়াৰ দৰে জোঙা আছিল। জন্মৰে পৰাই তেওঁ ন্যায়ালয়ৰ লগত জড়িত ভদ্ৰলোক আছিল যদিও তেওঁৰ ওখ চেলাউৰি, ঠোঁটৰ দৰে নাক, নিৰ্মমভাৱে কামুক মুখ আৰু ভোবোৰা দাড়িয়ে তেওঁক কোনোবা জলদস্যুৰ নেতা যেনহে দেখাইছিল। মাত্ৰ আঠাইশ বছৰ বয়সতে তেওঁৰ ওপৰত সমগ্ৰ দেশৰ আশা-ভৰষাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। যদিও এই সিদ্ধান্ত আচৰিত ধৰণৰ আছিল, কিন্তু তেওঁৰ তলতীয়া মানুহবোৰে ইতিমধ্যে তেওঁৰ সাহস আৰু দৃঢ়তাক সন্মান কৰিবলৈ আৰু তেওঁৰ জ্বলন্ত ক্ৰোধাগ্নিক ভয় কৰিবলৈ শিকিছিল।

     সাগৰৰ বুকুত উপঙি থকা তেওঁৰ সাম্ৰাজ্যৰ ওপৰেৰে নিৰীক্ষণ কৰোঁতে তেওঁৰ ডাঙৰ ডাঙৰ চোকা চকু দুটাৰ পৰা একো সাৰি যাব নোৱাৰিছিল। দুৰ্বাৰ উচ্চাকাংক্ষাৰ লগতে প্ৰবল ইচ্ছাশক্তিয়ে তেওঁক অজেয় বিপদ আৰু দূৰত্ব অতিক্ৰম কৰাত সহায় কৰিছিল। অৱশ্যে তেওঁ ভালদৰেই জানিছিল যে তেওঁৰ আটাইতকৈ ডাঙৰ বাজীটোৰ এয়া মাত্ৰ আৰম্ভণিহে।

       এই কিতাপখন লিখিবলৈ অনুপ্ৰাণিত কৰা প্ৰশ্নটো মোৰ মনলৈ আহিছিল কাহিনীটো গঢ় লোৱাৰ বহু বছৰ আগতেই। ধৰ্মীয় সংঘাতৰ ঘটনাবোৰ বৃদ্ধি পোৱাত আন দহজনৰ দৰেই ময়ো আচৰিত হৈছিলোঁ আৰু এই বিষয়ে অধিক জানিবলৈ চেষ্টা কৰাত বুজিলোঁ যে আমাক পুনৰ এনে এখন যুদ্ধক্ষেত্ৰলৈ টানি অনা হৈছে, যাৰ বিষয়ে আমি পাহৰিয়েই পেলাইছিলোঁ। আমাৰ বিশ্বাস আছিল যে ধৰ্মৰ পৰিৱৰ্তে যুক্তিয়েহে পৃথিৱী শাসন কৰে। আমি ভাবিছিলোঁ যুদ্ধ হয় মতাদৰ্শ, অৰ্থনীতি আৰু অহংকাৰৰ বাবেহে, বিশ্বাসৰ বাবে নহয়।

       আমি ইতিহাস সম্পৰ্কে চকু মুদা কুলিৰ ভাও জুৰি আছিলোঁ। শান্তি আৰু প্ৰগতিৰ গীত বিজয়ীসকলেহে গায়।পৰাজিতসকলৰ বুকুত ৰৈ যায় পাহৰিব নোৱৰা ক'লা দাগ। পশ্চিমৰ সৈতে আপোচৰ সলনি পশ্চিমক পৰাস্ত কৰিব বিচৰা আধুনিক ইছলামিকসকলৰ ভাষাত, এই ঘাঁটুকুৰা আৰম্ভ হৈছিল ডেৰ সহস্ৰাব্দৰ আগতে। যেতিয়া পশ্চিম ইউৰোপৰ পৰা মুচলমানৰ অন্তিমখন সাম্ৰাজ্য নিঃশেষ হৈ গৈছিল, যেতিয়া ক্রিষ্টোফাৰ কলম্বাছে আমেৰিকাত পদাৰ্পণ কৰিছিল – আৰু যেতিয়া ভাস্কো দা গামা উপস্থিত হৈছিল প্ৰাচ্যত। এটা মহাকাব্যিক দশকৰ ভিতৰতে এই তিনিওটা পৰিঘটনা সংঘটিত হৈছিল, আৰু ইয়াৰ শিপাডালে আজিও খামুচি আছে আমাৰ অতীত।

      সেই ঘটনাবহুল দশকটোৰ সাত শতিকা আগেয়ে মুছলমানসকলে ইউৰোপৰ বহু ভিতৰলৈ নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল। সুদূৰ পশ্চিমৰ আইবেৰিয়ান উপদ্বীপত তেওঁলোকে এখন উন্নত ইছলামিক ৰাষ্ট্ৰ স্থাপন কৰিছিল আৰু ইউৰোপক অন্ধকাৰ যুগৰ পৰা পোহৰাই তুলাত সেই ৰাষ্ট্ৰই প্ৰধান ভূমিকা পালন কৰিছিল। তথাপি খ্ৰীষ্টান আৰু মুছলমানসকলে যেতিয়াই পাহৰিবলৈ ল'লে যে তেওঁলোকে ভিন্ন ধৰণে পূজা কৰা ঈশ্বৰজন একেজনেই, আইবেৰিয়াত ধৰ্মযুদ্ধৰ সূচনা হ’ল। এই জুইকুৰা আৰু দপদপাই জ্বলি উঠিল যেতিয়া পৰ্তুগীজ আৰু স্পেনিছসকল ইছলাম সাম্ৰাজ্যৰ পৰা পৃথক হৈ গ'ল, যেতিয়া পৰ্তুগীজসকলে নিজৰ পূৰ্বৰ শাসকসকলক আধা পৃথিৱী পৰ্যন্ত খেদিবলৈ শতিকাজোৰা অভিযানত নামিল – যিটো অভিযানে ইউৰোপত আৱিষ্কাৰ যুগৰ সূচনা কৰিছিল। 

      এয়া কোনো কাকতালীয় সংযোগ নাছিল। শ শ বছৰ ধৰি ইতিহাসৰ ঢৌ পূবৰ পৰা পশ্চিমলৈ গতি কৰি আহিছিল আৰু আৱিষ্কাৰ যুগৰ প্ৰাকক্ষণত ইয়াৰ জোৱাৰ অধিক উঠিছিল। পোন্ধৰ শতিকাৰ মাজভাগত ইউৰোপৰ বৃহত্তম নগৰখন ইছলামৰ শাসনাধীন হৈছিল আৰু মুছলমান সৈন্যই আকৌ এবাৰ ইউৰোপ দখল কৰিবলৈ সাজু হৈছিল। যি সময়ত কোনো অনাবিষ্কৃত মহাদেশ বাকী আছে বুলি কাৰো মনত সন্দেহ নাছিল, সেই সময়ত খ্ৰীষ্টান ধৰ্মৰ পৰিত্ৰাণৰ আশা নিৰ্ভৰ কৰিছিল প্ৰাচ্যত উপনীত হোৱাৰ ওপৰত; ইউৰোপীয়সকলৰ হতাশাগ্ৰস্ত কল্পনাত এছিয়া হৈ পৰিছিল এক যাদুকৰী জগত য’ত শত্ৰুৰ বিৰুদ্ধে সাহায্য লাভ কৰিব পৰা হ'ব আৰু অৱশেষত বাস্তৱায়িত কৰিব পৰা হ'ব এক সাৰ্বজনীন গীৰ্জাৰ সপোন।

      ক্ষুদ্ৰ পৰ্তুগালে এটা অতি সাহসী কাৰ্যত আগবাঢ়িছিল: নিজকে সাগৰীয় মহাৰথীৰূপে গঢ়ি ইছলামক পৰাভূত কৰা। বহু প্ৰজন্মৰ সামূহিক প্ৰচেষ্টাৰ ফল ভাস্কো দা গামাৰ প্ৰথম যাত্ৰাৰ ৰূপত দিঠক হ'বলৈ যোৱাৰ লগে লগে স্পেনিছসকলেও খৰধৰকৈ এই প্ৰতিযোগিতাত নামিল। যিহেতু ইতিমধ্যে তেওঁলোক বহুত পিছপৰি ৰৈছিল, গতিকে ক্রিষ্টোফাৰ কলম্বাছ নামৰ ইটালীৰ এজন বিদ্ৰোহীৰ ওপৰতে এই অভিযানৰ ভাৰ এৰি দি‌লে৷ ১৪৯৮ চনত যেতিয়া ভাস্কো দা গামাই পূব দিশলৈ ভাৰত মহাসাগৰত পাল এৰি দিছিল, কলম্বাছে তৃতীয়বাৰৰ বাবে পশ্চিমলৈ যাত্ৰা কৰিছিল আৰু অৱশেষত আমেৰিকাৰ মূল ভূখণ্ডত উপস্থিত হৈছিল।

      দুয়োজন অভিযাত্ৰীৰ উদ্দেশ্য একেটাই আছিল – এছিয়ালৈ যোৱা এটা সাগৰীয় পথৰ আৱিষ্কাৰ – তথাপি কলম্বাছৰ মহান ভুলটোৱে ভাস্কো দা গামাৰ কৃতিত্বক আজিও ঢাকি ৰাখিছে। এতিয়া যদি আমি তেওঁলোকৰ সময়ৰ পৃথিৱীখনলৈ উভতি যাওঁ – এনে এখন পৃথিৱী য’ত সকলো পথেই পূব দিশলৈ যায় – আমি ভাস্কো ডা গামাৰ প্ৰতি যথাযোগ্য সন্মান দিব পাৰিম। ইছলামৰ বিশ্ব আধিপত্যৰ অন্ত পেলাবলৈ শতিকাজুৰি চলি অহা খ্ৰীষ্টান অভিযানত ভাস্কো দা গামাৰ এই যুগান্তকাৰী যাত্ৰা সফল হৈছিল। ই পূব আৰু পশ্চিমৰ মাজৰ সম্পৰ্ক নাটকীয়ভাৱে সলনি কৰিলে আৰু মুছলমান আৰু খ্ৰীষ্টান আধিপত্যৰ যুগৰ মাজত এডাল সীমা অংকণ কৰিলে– যাক পশ্চিমত আমি মধ্যযুগ আৰু আধুনিক যুগ বুলি কওঁ।যদিও কাহিনীটোৰ আৰু বহু অংশ আছে, তথাপি এই যাত্ৰাৰ গুৰুত্ব আমি ভবাতকৈ বহু বেছি।

      এসময়ত আৱিষ্কাৰ যুগক মানৱ জ্ঞানৰ পৰিধি ভাঙিবলৈ কৰা কঠিন কিন্তু মহান অভিযান হিচাপে মহিমামণ্ডিত কৰা হৈছিল। আজিকালি ইয়াক বিশ্ব বাণিজ্যৰ ক্ষমতা হস্তান্তৰৰ অভিযান বুলি ব্যাখ্যা কৰা হয়। দুয়োটা যুক্তিৰে সত্যতা আছে; ই ইউৰোপৰ নিজৰ মৰ্যাদা সম্পৰ্কে থকা ধাৰণাৰ পৰিবৰ্তন কৰে, আৰু ই বিশ্বত ক্ষমতাৰ এক নৱজাগৰণ আনে যিটো আজিও বিদ্যমান। ই কেৱল নতুন যুগৰ আৰম্ভণি নাছিল; ই আছিল পুৰণি ধাৰসমূহ পৰিশোধ কৰাৰ এটা সুচতুৰ প্ৰচেষ্টা। ভাস্কো দা গামা আৰু তেওঁৰ সহযোগীসকলৰ জন্ম হৈছিল ধৰ্মীয় বিশ্বাসে দুভাগ কৰা এখন পৃথিৱীত, য’ত কাফিৰৰ সৈতে যুঁজ দিয়াটোৱেই আছিল সৰ্বোচ্চ কৰ্তব্য। যেতিয়াই তেওঁলোকৰ পালত থকা তেজৰঙী ক্ৰুচবোৰ আগুৱাই গৈছিল, তাৰ লগে লগে আগুৱাই গৈছিল একোখন নতুন ধৰ্মযুদ্ধৰ বিভীষিকা। তেওঁলোকক কোৱা হৈছিল যে তেওঁলোক চাৰিটা শতিকাৰ ক্ৰুছেডাৰ অৰ্থাৎ যিশুখ্ৰীষ্টৰ নামত অস্ত্ৰ লোৱা ধৰ্মযোদ্ধাসকলৰ উত্তৰাধিকাৰী। তেওঁলোকৰ কান্ধত অৰ্পণ হৈছিল ইছলামৰ বিৰুদ্ধে বিশাল প্ৰত্যাক্ৰমণৰ নেতৃত্ব দি এটা নতুন যুগৰ সূচনা কৰাৰ দায়িত্ব – যিটো যুগত ইউৰোপৰ বিশ্বাস আৰু মূল্যবোধ সমগ্ৰ বিশ্বতে বিয়পি পৰিব। এয়াই আছিল প্ৰধান কাৰণ, যাৰ বাবে গোটাচেৰেক মানুহে কেইটামান কাঠৰ খোলাত উঠি চিনাকি পৃথিৱীখন নেওচি যাত্ৰা আৰম্ভ কৰিলে আধুনিক যুগলৈ।

       যিবোৰ আবেগে ইউৰোপীয়সকলক গভীৰ সাগৰৰ বুকুত নাও মেলি দিবলৈ বাধ্য কৰিছিল আৰু আমাৰ পৃথিৱীখন গঢ় দিছিল সেয়া বুজিবলৈ হ'লে আমি উভতি যাব লাগিব একেবাৰে আৰম্ভণিলৈ। আৰবীয় বতাহে খান্দি নিয়া বালিৰ দৌল আৰু শুকান পৰ্বতমালাত লিখা আছে এটা নতুন ধৰ্মৰ জন্ম কাহিনী, যিয়ে শাওনৰ আকাশৰ মেঘৰ দৰে ছানি ধৰিছিল ইউৰোপৰ মৰ্মস্থল।


No comments:

Post a Comment

প্ৰাচ্য আৰু পাশ্চাত্য

  প্ৰায় ৬১০ খ্ৰীষ্টাব্দত যেতিয়া মহম্মদ ইবন আব্দুল্লাই প্ৰথমবাৰৰ বাবে ঈশ্বৰৰ বাণী শুনিবলৈ পাইছিল, তেতিয়া তেওঁৰ এখন বিশ্ব সাম্ৰাজ্য প্ৰতি...