প্ৰায় ৬১০ খ্ৰীষ্টাব্দত যেতিয়া মহম্মদ ইবন আব্দুল্লাই প্ৰথমবাৰৰ বাবে
ঈশ্বৰৰ বাণী শুনিবলৈ পাইছিল, তেতিয়া তেওঁৰ এখন বিশ্ব সাম্ৰাজ্য প্ৰতিষ্ঠা
কৰাৰ কোনো উদ্দেশ্য নাছিল।
আচলতে তেওঁ এইটোও নিশ্চিত নাছিল যে তেওঁ মানসিকভাৱে সুস্থ হয় নে নহয়।
"মোক ঢাকি লোৱা" – চল্লিশ বছৰীয়া ব্যৱসায়ীজনে কঁপি কঁপি তেওঁৰ
পত্নীক ক’লে। চাদৰ এখনেৰে ঢাকি দি তেওঁ কান্দোনত ভাগি পৰা স্বামীৰ মূৰত হাত
বুলাই সাৱটি ধৰিলে। নিজতকৈ পোন্ধৰ বছৰ ডাঙৰ ধনী বিধৱা এগৰাকীক বিয়া কৰাই
লাভ কৰা বিলাসীতাস্বৰূপে তেওঁ আন দিনাৰ দৰেই মক্কাৰ বাহিৰৰ এটা গুহাত ধ্যান
কৰি আছিল, তেতিয়াই দেৱদূত গেব্ৰিয়েলে তেওঁক গভীৰ যন্ত্ৰণা আৰু সমাধিৰ
অৱস্থালৈ নি ঈশ্বৰৰ বাণী পাঠ কৰিছিল। মহম্মদে ভাবিছিল যে তেওঁ পাগল হৈ গ'ল
আৰু আনকি তেওঁ পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ কথাও চিন্তা কৰিছিল।
কিন্তু সেই কণ্ঠটো বাৰে বাৰে ভাঁহি আহিছিল আৰু তিনি বছৰৰ পাছত মহম্মদে সেই
বাণী ৰাজহুৱাভাৱে প্ৰচাৰ কৰিবলৈ ধৰিলে। লাহে লাহে তেওঁৰ বাৰ্তা বিয়পি
পৰিল: আব্ৰাহাম আৰু যীচুৰ ধৰ্মই হৈছে প্ৰকৃত ধৰ্ম, কিন্তু ই বিকৃত হৈছে।
ঈশ্বৰ এজনেই, আৰু তেওঁ বিচাৰে ইছলাম অৰ্থাৎ সম্পূৰ্ণ সমৰ্পণ।
মক্কাৰ শাসকসকলৰ বাবে ই এটা দুঃখবৰ আছিল কাৰণ ধৰ্মীয় পৰ্যটন আছিল তেওঁলোকৰ
বাবে খীৰতী গাই। লোহিত সাগৰৰ উপকূলৰ হেজাজ অঞ্চলৰ এখন মৰুদ্যানৰ চাৰিওফালে
এই চহৰখন নিৰ্মাণ কৰা হৈছিল। আৰু ই পৰিচালিত হৈছিল ইয়াৰ কেন্দ্ৰত অৱস্থিত
কাবা, এক বৰ্গক্ষেত্ৰাকাৰ পবিত্ৰ স্থলৰ পৰা য’ত আৰৱসকলৰ মূল দেৱতাসকলৰ
মূৰ্তি স্থাপিত আছিল। প্ৰতি বছৰে তীৰ্থযাত্ৰীসকল ইয়াত উপস্থিত হৈ পবিত্ৰ
কাবাক সাতবাৰ প্ৰদক্ষিণ কৰি প্ৰতিটো চুকত চুমা খাবলৈ চেষ্টা কৰিছিল, অৱশ্যে
ভিৰৰ ঠেলা-হেঁচাত সেয়া সকলোৰে বাবে সম্ভৱ হোৱা নাছিল। সময়ৰ সোঁতত কোৰেইচ
নামৰ জাতিটোৱে কাবাৰ ৰক্ষণাবেক্ষণক মক্কাৰ বাণিজ্যিক ব্যৱস্থাটোক নিজৰ
দখললৈ অনাৰ সুযোগৰূপে ব্যৱহাৰ কৰিলে। প্ৰথম অৱস্থাত মহম্মদৰ বাৰ্তা
পোনপটীয়াকৈ কোৰেইচসকলৰ বিৰুদ্ধে আছিল। তেওঁ অভিযোগ দিছিল যে লোভী
কুৰেইচসকলে আৰৱ সমাজৰ সমতাবাদী ধাৰাক বিনষ্ট কৰিছিল, দুৰ্বলসকলক শোষণ
কৰিছিল, দৰিদ্ৰসকলক দাসলৈ পৰিণত কৰিছিল আৰু আৰ্তজনক পালন আৰু সাহায্য
প্ৰদানৰ কৰ্তব্যক আওকাণ কৰিছিল। ঈশ্বৰে সকলো দেখি আছে আৰু তেওঁলোক নৰকলৈ
যাব।
কুৰেইচসকলৰ খঙৰ কাৰণ এইটো নাছিল যে মহম্মদে এজন দয়ালু ঈশ্বৰৰ
কথা কৈছিল বা নিজকে ঈশ্বৰৰ বাৰ্তাবাহক বুলি দাবী কৰিছিল। উত্তৰ দিশত
খ্ৰীষ্টান আৰৱসকলৰ এখন ৰাজ্য বহু শতিকা আগৰে পৰা আছিল, আনকি কাবাতেই যিচু
আৰু মৰিয়মৰ মূৰ্তি সগৌৰৱে থিয় দি আছিল। প্ৰবাসী ইহুদীসকলৰ প্ৰভাৱ আৰৱত
তাতোকৈও আগৰে পৰা আছিল আৰু আৰৱসকলে নিজকে আব্ৰাহামৰ বৰপুত্ৰ ইছমাইলৰ ফালৰ
পৰা ইহুদীসকলৰ সহবংশজ বুলি মানি লৈছিল আৰু বহুতেই তেওঁলোকৰ প্ৰধান ঈশ্বৰক
ইহুদীসকলৰ ঈশ্বৰৰ সৈতে একেজনেই বুলি গণ্য কৰিছিল। মহম্মদৰ সময়তো বহু
সন্ত-বৈৰাগীয়ে মৰুভূমিৰ মাজেৰে ভ্ৰমণ কৰি ফুৰিছিল আৰু নিজ জ্ঞাতি-বন্ধুক
মূৰ্তিপূজা ত্যাগ কৰি আকৌ তেওঁলোকৰ পূৰ্বপুৰুষৰ দৰে একেশ্বৰবাদলৈ উভতি
যাবলৈ আহ্বান জনাইছিল। এইটো কোনো নতুন বা বিতৰ্কমূলক বিষয় নাছিল।
কুৰেইচসকলক যিটো কথাই আটাইতকৈ অশান্তি দিছিল সেইটো হৈছে মহম্মদ আছিল
তেওঁলোকৰ মাজৰে এজন।
এই অশান্তিৰ মূল ধৰ্মপ্ৰচাৰকজনক বদনাম
কৰিবলৈ কোৰেইছসকলে সকলো সম্ভৱপৰ প্ৰচেষ্টা হাতত লয়। উৎকোচ, বহিষ্কাৰ আদি
সকলো উপায় বিফল হোৱাত তেওঁলোকে অৱশেষত মাজনিশা শুই থকা অৱস্থাত মহম্মদক
হত্যাৰ আঁচনি তৈয়াৰ কৰে। অৱশ্যে সঠিক সময়ত মহম্মদে ঘৰৰ পৰা পলায়ন কৰিবলৈ
সক্ষম হয়। নিৰ্ঘাত মৃত্যুৰ পৰা হাত সাৰি তেওঁ দূৰণিৰ এখন মৰুদ্যানত
আশ্ৰয় লয় যাক বৰ্তমান মদীনা অৰ্থাৎ পয়গম্বৰৰ নগৰ নামেৰে জনা যায়।
মদীনাত যেতিয়া তেওঁৰ প্ৰভাৱ বাঢ়িবলৈ ধৰিলে, তেওঁ এখন নতুন সমাজৰ গঠন
কৰিলে যিখনৰ সপোন তেওঁ মক্কাত থাকোঁতেই দেখিছিল। উম্মাহ্ নামৰ এই সমাজখনত
প্ৰতিজনেই সমান আছিল, প্ৰতিজনেই জন্মৰ পৰিৱৰ্তে নিষ্ঠা আৰু বিশ্বাসৰ ডোলেৰে
বান্ধ খাই আছিল। এইখন সমাজ পৰিচালিত হৈছিল এনে কিছুমান আইনৰ দ্বাৰা যাৰ
অধীনত নাৰীসকলে আগেয়ে কাহানিও লাভ নকৰা অধিকাৰ লাভ কৰিছিল আৰু দৰিদ্ৰসকলৰ
মাজত সম্পদৰ পুনৰ্বিতৰণ কৰা হৈছিল। লাহে লাহে মহম্মদে বিশ্বাস কৰিবলৈ ল'লে
যে ঈশ্বৰে তেওঁক মাত্ৰ তেওঁৰ জাতিটোক সাৱধানবাণী শুনাবলৈ নহয়, সমগ্ৰ
মানৱজাতিৰ দূত হিচাপে বাচনি কৰিছিল।
মক্কা আছিল মহম্মদৰ মহান
উদ্দেশ্য পূৰণৰ যাত্ৰাৰ প্ৰথম অৱৰোধ। কোৰেইচৰ সৈতে আঠ বছৰ ধৰি চলা প্ৰচণ্ড
যুদ্ধই ইছলামৰ ভেঁটি ৰক্তাক্ত কৰি তুলিছিল। জীৱন মৰণৰ সন্ধিক্ষণত, তেজেৰে
লুতুৰি-পুতুৰি মহম্মদৰ দেহটোক তেওঁৰ এজন যোদ্ধাই যুদ্ধক্ষেত্ৰৰ পৰা টানি
নিছিল। বাকী থকা সৈন্যবাহিনীক তেওঁৰ মৃত্যুৰ উৰাবাতৰিয়েহে ৰক্ষা কৰিলে।
উম্মাহৰ মনোবল একেবাৰে ভাগি পৰিল আৰু তেনে এক সময়তেই মহম্মদে নিজৰ
যোদ্ধাসকলক সম্বোধন কৰি এনে এটা প্ৰতিশ্ৰুতি দিছিল যাৰ গুঞ্জন আজিও ইতিহাসৰ
পাতত প্ৰতিধ্বনিত হৈ আছে। ঈশ্বৰৰ বাণীত প্ৰকাশিত হৈছিল যে যুদ্ধত নিহতসকলে
লাভ কৰিব স্বৰ্গৰ উচ্চতম নিবাস। "বাগিচা আৰু নিজৰাৰ মাজত ৰেচমী আৰু
মূল্যৱান বস্ত্ৰেৰে সুসজ্জিত হৈ তেওঁলোকে একেলগে শান্তিৰে বাস কৰিব... আৰু
মেঘনয়না পৰীৰ সৈতে আমি তেওঁলোকৰ বিবাহ সম্পন্ন কৰিম।"
মুছলমানসকলে (যাৰ অৰ্থ হ'ল ঈশ্বৰৰ প্ৰতি উৎসৰ্গিত) প্ৰতিটো কঠিন পৰিস্থিতিৰ
মাজতো সাহসেৰে থিয় দি আছিল যিটো নিজেই এটা ঈশ্বৰিক আশীৰ্বাদতকৈ কম নাছিল।
কিন্তু এই ৰণৰ নিৰ্ণায়ক ক্ষণটো আহিল এটা অতি চতুৰ জনসংযোগ কৌশলৰ যোগেদি,
কোনো যুদ্ধৰ যোগেদি নহয়। ৬২৮ চনত মহম্মদে কোনেও ভাবিব নোৱাৰাকৈ এহাজাৰ
নিৰস্ত্ৰ তীৰ্থযাত্ৰীৰ সৈতে মক্কাৰ সন্মুখত হাজিৰ হৈ এগৰাকী আৰৱ হিচাপে
কাবাত উপাসনা কৰাৰ বৈধ অধিকাৰ দাবী কৰে। যেতিয়া তেওঁলোকে নিষ্ঠাপূৰ্বক
নিজৰ উপাসনা সম্পূৰ্ণ কৰাৰ সময়ত কোৰেইচসকলে হতাশ হৈ চাই থকাৰ বাহিৰে একো
কৰিব পৰা নাছিল, মক্কাৰ এই অজেয় শাসকসকলক মূৰ্খৰ দৰে দেখা গৈছিল। মহম্মদৰ
প্ৰতি থকা বিৰোধিতা কমিবলৈ আৰম্ভ কৰিলে। ৬৩০ চনত মহম্মদ বহু সংখ্যক অনুগামী
লৈ মক্কালৈ উভতি আহে। "আল্লাহু আকবৰ" অৰ্থাৎ ঈশ্বৰ মহান ধ্বনি দি তেওঁ
পুনৰ কাবা সাতবাৰ প্ৰদক্ষিণ কৰে আৰু তাৰ পিছত ভিতৰলৈ গৈ মূৰ্তিবোৰ উলিয়াই
আনি মাটিত থেকেচি টুকুৰা টুকুৰ কৰি পেলায়।
দুবছৰৰ পাছত যেতিয়া
তেওঁৰ মৃত্যু হৈছিল, তাৰ পূৰ্বে মহম্মদে এনে এটা কৃতিত্ব অৰ্জন কৰিছিল যিটো
ইতিহাসৰ আন কোনো নেতাই কল্পনাও কৰা নাছিল। তেওঁ পৰস্পৰ অবিচ্ছেদ্য এটা
সমৃদ্ধিশালী নতুন ধৰ্ম আৰু এক বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এবছৰ
নৌহওঁতেই ইছলামৰ সেনাই নতুন ব্যৱস্থাৰ বিৰোধিতা কৰা আৰৱ জনগোষ্ঠীসমূহক বশ
কৰে আৰু ইতিহাসত প্ৰথমবাৰলৈ সমগ্ৰ আৰৱ উপদ্বীপ এজন শাসক আৰু এটা ধৰ্মৰ
অধীনত একগোট হ’ল। ধৰ্মীয় উত্তেজনা, উমৈহতীয়া উদ্দেশ্য, আজীৱন লুটপাত আৰু
মৃত্যুৰ পাছত চিৰন্তন স্বৰ্গীয় সুখৰ আকাংক্ষাই ঈশ্বৰৰ নামত উচৰ্গিত এইসকল
লোকক বাহিৰৰ জগতখনলৈ নিজৰ দৃষ্টি নিক্ষেপ কৰিবলৈ প্ৰলোভিত কৰিলে। আৰু
তেওঁলোকে দেখিলে যে দুই মহাশক্তিয়ে এটাই আনটোক পৃথিৱীৰ বুকুৰ পৰা মচি
পেলাবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে।
No comments:
Post a Comment